নিউজ ডেস্কঃ বনৰীয়া হাতীৰ আতংক যোৱা কিছুদিন ধৰি বিৰাজমান মধ্যপ্ৰদেশৰ সহডৌল জিলাত। দুটা দিনতে সহডৌলত বাস কৰা দুটা আদিবাসী পৰিয়ালৰ ৫জন সদস্যৰ মৃত্যু হৈছে বন্যহস্তী আক্ৰমণত। নিহত লোক কেইজনৰ ভিতৰত তিনিগৰাকী মহিলা।
হাতীৰ আক্ৰমণৰ ফলত এতিয়া নিদ্ৰাহৰণ হৈছে সমগ্ৰ অঞ্চলটোত। বন্যহস্তীৰ আক্ৰমণৰ পাছতে সমগ্ৰ এলেকাটোত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ গতিবিধিৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখিছে। উল্লেখ্য যে, মঙলবাৰে বন্যহস্তীৰ আক্ৰমণত মহুৱা বিননে হাবিলৈ যোৱা এহাল দম্পত্তীৰ মৃত্যু হয়।
পিটিআইৰ খবৰ অনুসৰি, বন বিভাগৰ এগৰাকী বিষয়া পি কে বাৰ্মাই এই সন্দৰ্ভত কয় যে- ছত্তীশগড়ৰ পৰা এটা বন্যহস্তীৰ জাক দেওবাৰে নিশা মধ্যপ্ৰদেশত প্ৰৱেশ কৰে। আৰু তাৰপাছৰে পৰা এই হাতীৰ জাকটোৱে আতংকৰ সৃষ্টি কৰিছে।