নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। ইন্দোৰৰ স্বৰ্ণবাগ কলনীত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহত হৈছে ৭জনকৈ লোক। কলনীটোৰ দুমহলীয়া এটা বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে উক্ত স্থানত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে ৯জনকৈ লোকক উদ্ধাৰ কৰে যদিও, আন ৭জন লোকৰ মৃত্যু হয়।

ইফালে, ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী। শনিবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে, নিহত সকলৰ ভিতৰত দুগৰাকী মহিলা। আনহাতে, আৰক্ষীয়ে চৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ইফালে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে নিহত লোকসকলৰ পৰিয়ালক ৪ লাখকৈ এককালীন সাহাৰ্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে।