গুৱাহাটী : কেন্দ্ৰীয় নিৰ্বাচন আয়োগ ৰোসত পৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালৰ। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে নিৰ্বাচন আয়োগক। নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগ বেলেগ গ্ৰহত আছিল নেকি বুলি ন্যায়ালয়ে ধমক দিয়ে নিৰ্বাচন আয়োগক। নিৰ্বাচন আয়োগৰ বিষয়া সকলক হত্যাকাৰী ৰূপেও আখ্যা দিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।
দেশত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে অসমৰ লগতে পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা হ’ব অহা ২ মে’ তাৰিখে। কভিডৰ এই ভয়াবহ পৰিস্থিতিৰ মাজত নিৰ্বাচন আয়োগে কিদৰে ভোট গণনা অনুষ্ঠিত কৰিব এই সম্পৰ্কে প্ৰশ্ন কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে সম্পূৰ্ণ কভিড প্ৰ’টকলৰ ভোট গণনাৰ নিৰ্দেশনা দিছে নিৰ্বাচন আয়োগক।
আৰু পঢ়কঃদেশত পুনৰ কভিড আক্রান্তৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিলে
ভোট গণনাৰ দিনা কভিড প্ৰ’টকল মানি নচলিলে ভোট গণনাৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়াৰ সতৰ্কবাণী দিছে উচ্চ ন্যায়ালয়ে। ভোট গণনাৰ দিনা নিৰ্বাচন আয়োগে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এই সম্পৰ্কে অহা শুকুৰবাৰৰ ভিতৰত উচ্চ ন্যায়ালয়ত তথ্য জমা দিব লাগিব নিৰ্বাচন আয়োগ। কভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে ৰাজনৈতিক দল সমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত নিৰ্বাচন আয়োগ ক’ত আছিল বুলিও প্ৰশ্ন কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ধমক খোৱাৰ পিছতে নিৰ্বাচন আয়োগে ভোট গণনাৰ পিছত জয়লাভ কৰা দলে বিজয় উৎসৱ উদযাপন কৰিব নোৱাৰিব বুলি এক নিৰ্দেশনা জাৰি কৰিছে। আনহাতে ভোট গণনাৰ সময়ত জয়লাভ কৰা প্ৰাৰ্থী গৰাকী বিজয় লাভ কৰাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ যাওঁতে লগত মাত্ৰ দুজন লোককহে নিব পাৰিব বুলিও নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে।