নিউজ ডেস্কঃ টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰ চবতী আৰু নাই। সোমবাৰে দিল্লীৰ নিজা বাসভৱনত নিশা ৯ বাজি ৩০ মিনিটত হৃদক্ৰিয়া বন্ধ হয় মৃত্যু হয় অভিনেতাগৰাকীৰ। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৭৪বছৰ।
অভিনেতা হোৱাৰ পূৰ্বে প্ৰবীণ চবতী হেমৰ আৰু ডিচকাছ থ্ৰ’ খেলুৱৈ আছিল। চাৰিবাৰকৈ এছিয়ান গেমছত বিজয় লাভ কৰিছিল হৈছিল প্ৰবীণ চবতীয়ে। তেওঁ ১৯৬৮’ মেক্সিকো আৰু ১৯৭২’ মিউনিক অলিম্পিকতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। প্ৰবীণ কুমাৰক অৰ্জুন বঁটাৰেও সন্মানিত কৰা হৈছিল।
ইয়াৰ পিছতেই চৰকাৰে তেওঁক সীমান্ত সুৰক্ষা বাহিনীত (বিএছএফ) উপ-কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়ে।
প্ৰবীণ কুমাৰৰ মৃত্যুত বিএছএফে গভীৰ সমবেদনা জ্ঞাপন কৰে।
২০১৩চনত প্ৰবীণ কুমাৰ চবতীয়ে দিল্লী বিধান সভা নিৰ্বাচনতো আম আদমী পাৰ্টীৰ হৈ প্ৰতিদ্ধন্দ্বিতা কৰিছিল।