বান, ভূমিস্খলন মহাৰাষ্ট্ৰত

নিউজ ডেস্ক: মহাৰাষ্ট্ৰত প্ৰৱল বৃষ্টিপাত আৰু ভূ-স্খলনৰ ফলত বৰ্তমান পৰ্যন্ত ১৩৮ গৰাকী লোকৰ মৃত্যু ঘটিছে । সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে প্ৰবল বৃষ্টিপাত, ভূ-স্খলনৰ ফলত । ইফালে পুনেত বৰ্তমানলৈকে ৯০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমগ্র ৰাজ্যখনত ৰেড এলাৰ্ট জাৰি কৰিছে । বিশেষকৈ মহাৰাষ্ট্ৰৰ ছয় খন জিলাৰ বাবে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ভাৰতীয় সেনাৰ লগতে বোম্বে ইঞ্জিনীয়াৰিং গ্ৰুপৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাইছে যদিও প্ৰবল বৃষ্টিপাতৰ ফলত বাধাৰ সন্মূখীন হৈছে উদ্ধাৰকাৰী দল ।
ৰাজ্যখনৰ থানে, ৰায়গড়, ৰত্নগিৰি, ছন্টৰা, ছংগলি কোলাহপুৰ আদি অঞ্চল বিশেষভাবে ক্ষতিগ্ৰস্থ হৈছে | এই অঞ্চলকেইটাৰ পৰা ৭০০০ লোকক ইতিমধ্যে স্থানান্তৰ কৰিছে ।
মহাৰাষ্ট্ৰ ভূ-স্খলনত পতিত পুনৰ ছয় জনলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে এনডিআৰএফে । চাটাৰা আমবেঘৰ অঞ্চলৰ ভূ-স্খলনত মৃত্যু ঘটিছে এইসকলৰ ।

বৰ্তমানও ৮ জন সন্ধানহীন হৈ আছে । সমগ্ৰ ৰাজ্যখনতে উদ্ধাৰৰ বাবে সেনা, নৌ সেনা, এন ডি আৰ এফ বাহিনী দিনে নিশাই নামি পৰিছে ।

লগতে পঢ়ক প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ধনেৰে অসমত ভােট কিনিছিল বিজেপি চৰকাৰে : লুৰীণজ্যোতি গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply