নিউজ ডেস্কঃ বুধবাৰে পুৱাতে মহাৰাষ্ট্ৰৰ থানেৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।
এই ঘটনাত চাৰিগৰাকী ৰোগীৰ মৃত্যু হয়।
পুৱা ৩.৪০ বজাত থানেৰ মুম্ব্ৰা অঞ্চলস্থিত প্ৰাইম ক্ৰিটিকেয়াৰ হস্পিতালত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। নিমিষতে এটা মহলাৰ পৰা আন এটা মহলালৈ বিয়পি পৰে জুই।
লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও ইতিমধ্যে চাৰি গৰাকী ৰোগীৰ মৃত্যু ঘটে।
ঘটনা সংঘটিত হোৱাৰ পিছতেই লগে লগে হস্পিতাল খনত চিকিৎসাধীন হৈ থকা ২০ গৰাকী ৰোগীক উদ্ধাৰ কৰি বেলেগ হস্পিতাললৈ স্থানান্তৰ কৰা হয়।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়ত অক্সিজেন ছিলিণ্ডাৰ লিক হৈ ২২ গৰাকী ৰোগীৰ মৃত্যু ঘটিছিল।