নিউজ ডেস্কঃ মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নবাব মালিকক গ্ৰেপ্তাৰ কৰা হৈছে। মষ্ট ৱান্টেড ডন ডাউড ইব্ৰাহিমৰ সৈতে ধনৰ লেনদেন কৰা এক অভিযোগত তেওঁক বুধবাৰে সোধা-পোছা কৰা হয়। সোধ-পোছৰ অন্তত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে।

ইফালে, ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে কয়- ‘মোক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু ভয় নকৰো। মই যুঁজিম আৰু জয়ী হম।’ উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীৰ বাসগৃহত বুধবাৰে পুৱা প্ৰায় ৬ বজাত উপস্থিত হয় ইডিৰ এটা দল। আৰু তেওঁৰ বাসগৃহতে প্ৰায় এঘন্টা ধৰি তেওঁক কৰা হয় সোধা-পোছা।

তাৰপাছত প্ৰায় ৭.৩০ বজাত তেওঁক ইডি কাৰ্যালয়লৈ লৈ অহা হয় আৰু পুৱা ৮.৩০ বজাৰ পৰা তেওঁক পুনৰ সমগ্ৰ ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে ইডিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply