নিউজ ডেস্কঃ মহাৰাষ্ট্ৰত ইডিয়ে মঙলবাৰে অভিযান চলায়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সম্পৰ্কীয় এগৰাকী ব্যক্তিৰ সম্পত্তি জব্দ কৰিছে ইডিয়ে। ইডিয়ে ৬.৪৫ কোটি টকাৰ অস্থায়ী সম্পত্তিও জব্দ কৰিছে এই অভিযানত। লগতে ছীল মাৰিলে ১১টাকৈ ফ্লেটত।

উল্লেখ্য যে, ইডিৰ অভিযানৰ পূৰ্বে আয়কৰ বিভাগেও উদ্ধৱ ঠাকৰেৰ পুত্ৰৰ আদিত্য ঠাকৰে, শিৱসেনান নেতা অমিল পৰৱৰ বিৰুদ্ধেও অভিযান চলাইছিল। আৰু এইবোৰ অভিযান কেন্দ্ৰীয় চৰকাৰে নিজৰ শক্তিৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে।

জানিব পৰা মতে, ইডিয়ে অভিযান চলোৱা ব্যক্তিগৰাকী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পত্নীৰ ভাতৃ। আয়কৰ বিভাগ আৰু তাৰপাছত ইডিয়ে এনেদৰে একেৰাহে চলোৱা অভিযানৰ পাছত শিৱসেনা বহু কেইগৰাকী নেতাই ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply