নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ নাগপুৰৰ এখন কভিড হস্পিতালত শুকুৰবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
এই ঘটনাত হস্পিতালখনত চিকিতসাধীন হৈ চাৰিজন কভিড ৰোগীৰ মৃত্যু হোৱাৰ লগতে বহুকেইগৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰে ২৭গৰাকীৰ অৱস্থা সংকটজনক।
হস্পিতালখনৰ দ্বিতীয় মহলাৰ আই চি ইউত অগ্নিকাণ্ডটো সংঘটিত হয়।
বৰ্তমান আহতসকল চৰকাৰী মেডিকেল কলেজ হস্পিতাল আৰু ইন্দিৰা গান্ধী মেডিকেল কলেজ হস্পিতালত চিকিতসাধীন হৈ আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাত দুখ প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু ঘটনাত আহতসকল অতি সোনকালেই সুস্থ হৈ উঠিবলৈ প্ৰাৰ্থনা জনায়। মিডিয়াযোগে
আৰু পঢ়কঃ ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল পাঁচটাকৈ বাসগৃহ