নিউজ ডেস্কঃ ছয় সন্তানক লগত লৈ কুঁৱাত জপিয়াই আত্মহত্যাৰ চেষ্টা চলালে মাতৃয়ে। কিন্তু পানীত ডুব গৈ থাকোতেই হঠাতে তেওঁৰ মনত জীয়াই থকাৰ হেঁপাহ তীব্ৰ হৈ পৰিল। সন্তানকেইটাক মৃত্যুমুখত ঠেলি পানীৰ পৰা উঠি অহাৰ চেষ্টা চলাই নিজৰ প্ৰাণ ৰক্ষা কৰিলে হৃদয়হীনা মাতৃয়ে। ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ পূৰ্বেই কুঁৱাত ডুবি মহিলাগৰাকীৰ ছয় সন্তানৰ মৃত্যু হয়।

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মহাৰত নামৰ ঠাইত। ৩০ বছৰীয়া মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, স্বামী আৰু শহুৰেকৰ নিৰ্যাতনৰ বাবে তেওঁ নিজৰ সন্তানকেইটাক লৈ আত্মহত্যা কৰিবলৈ গৈছিল। মৃত শিশুকেইটাৰ এজন ল’ৰা আৰু বাকী পাচঁ গৰাকী কন্যা সন্তান আছিল। গোটেই শিশুকেইটাৰ বয়স ১০বছৰৰ তলৰ আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply