নিউজ ডেস্কঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ অন্তিমজন ব্যক্তিগত সচিব ভি কল্যাণমৰ দেহাৱসান। বার্ধক্যজনিত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে চেন্নাইত মৃত্যু হয় ভি কল্যাণমৰ।

মঙলবাৰে আবেলি ৩বাজি৩০মিনিটত চেন্নাইৰ পাদুৰত থকা তেওঁৰ কন্য়াৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

ভি কল্যাণমৰ অন্তিম সংস্কাৰ ৫ মে’ৰ নিশা ১বাজি৩০মিনিটত বসন্ত নগৰ সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জনাইছে।

কল্যাণমৰ জন্ম ১৯২২ চনৰ ১৫ আগষ্টত চিমলাত হৈছিল। কল্যাণমৰ জীৱনী লিখা কুমাৰী এছ নীলাকন্দনে জনাই যে তেওঁ মহাৰাষ্ট্ৰৰ সেৱাগ্ৰাম আশ্ৰমত থাকি মহাত্মা গান্ধীৰ লগত বিভিন্ন ভাষাত পত্ৰ সংকলন কৰাত নিয়োজিত আছিল। তেওঁ চাৰি বছৰ ধৰি জাতিৰ পিতাক সহায় কৰি আহিছিল। ভি কল্যাণম ১৯৪৪ চনৰ পৰা ১৯৪৮ চনলৈ মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে নিয়োজিত আছিল।

মৃত্যুৰ সময়ত ভি কল্যাণমৰ বয়স হৈছিল ৯৯ বছৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply