নিউজ ডেস্কঃ ৰথযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ১১ গৰাকীৰ লোকৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। তামিলনাডুৰ তঞ্জাৱুৰ জিলাৰ এটা মন্দিৰৰ বাহিৰত বুধবাৰে পুৱা এক ৰথযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ এই লোক কেইজনৰ মৃত্যু হয়।

জানিব পৰা মতে, নিহত লোকৰ সকলৰ ভিতৰত দুটি কণমানি শিশুও আছে। স্থানীয় আৰক্ষীয়ে এই সন্দৰ্ভত সাংবাদিকক কয় যে- ৰথযাত্ৰাত বাহনখনৰ ওপৰত থিয় হৈ থকা সময়ত এটা হাই-ট্ৰাঞ্চমিছন লাইনৰ সম্পৰ্কত অহাৰ লগে লগে এই লোক কেইজনে প্ৰাণ হেৰুৱায়।

ইফালে, এই ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে- তামিলনাডুৰ তঞ্জাৱুৰত সংঘটিত এই দুৰ্ঘটনা অতি দুখজনক।

এই দুৰ্ঘটনাত আহত সকলক শীঘ্ৰেই সুস্থ হৈ উঠিব বুলি মই আশা কৰিছো। আৰু নিহত লোকসকলৰ পৰিয়ালৰ সকলক সমবেদনা জ্ঞাপন কৰিছো। লগতে প্ৰধানমন্ত্ৰী মোডীয়ে সকলো নিহত লোকৰ পৰিয়ালৰ বাবে এককালীন সাহায্যৰো ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply