নিউজ ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।
ৰাজ্যখনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত পাছতে একাংশ স্থানত সংঘটিত হয় হিংসাত্মক ঘটনা।
এই হিংসাত্মক ঘটনাৰ বাবে টিএমচিয়ে বিজেপিক আৰু বিজেপিয়ে টিএমচিক দোষী বুলি অভিযোগ উত্থাপন কৰিছে। মমতা বেনাৰ্জীয়ে কয়- ‘চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰা ২৪ ঘন্টাও হোৱা নাই, আৰু বিজেপিয়ে ইয়াত দল আৰু মন্ত্ৰীসকলক পঠিয়াই আছে।’
লগতে তেওঁ কয় যে- ‘বাহিৰৰ পৰা যিয়েই লোক আহিব, লাগিলে বিশেষ বিমানযোগেই আহক, তেওঁলোকৰ আৰটি-পিচিআৰ টেষ্ট কৰা হ’ব।
টেষ্টৰ ক্ষেত্ৰত কোনো লোকৰ মাজত ভেদাভেদ কৰা নহয়।’ উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চাৰি জনীয়া এটা দল এই হিংসাত্মক ঘটনাবোৰৰ সন্দৰ্ভত তদন্ত কৰিবলৈ পশ্চিমবংগলৈ প্ৰেৰণ কৰিছে। আৰু ইয়াক লৈয়ে মমতা বেনাৰ্জীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।