তৃতীয়বাৰ মুখ্যমন্ত্ৰী ৰূপে ৰাজভৱনত শপত ল’লে বংগ কন্যা মমতাই ।
ক’ভিডৰ পৰিস্থিতিৰ বাবে শপত গ্ৰহন অনুষ্ঠান ডাঙৰকৈ অনুষ্ঠিত কৰা নহয় ।
ৰাজভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাবে শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল জগদীপ ধানকাৰে।
আজি মুখ্যমন্ত্ৰীয়ে অকলেই শপতবাক্য পাঠ কৰে।
বাকী সকল মন্ত্ৰীয়ে অহা ৯ তাৰিখে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ দিনা শপত গ্ৰহন কৰিব।
তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে মমতা বেনাৰ্জীয়ে শপত গ্ৰহন কৰে ।
উল্লেখ্য যে মমতা বেনাৰ্জী দেশৰ বৰ্তমান সময়ত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ।
শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য ।
শপতগ্ৰহন অনুষ্ঠানত বি চি চি আই অধ্যক্ষ সৌৰভ গাংগুলীৰ লগতে এইবাৰৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ হৈ ৰণকৌশল ৰচনা কৰা প্ৰশান্ত কিশোৰ ।