নিউজ ডেস্ক : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ভবানীপুৰৰ পৰা উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিয়ে টিকট প্ৰদান কৰিছে প্ৰিয়ংকা তিবৰেৱালক। ভবানীপুৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ মাজতে মূল যুঁজখন হ’ব বুলি সকলোৱে ধাৰণা কৰিছে। কংগ্ৰেছে ভবানীপুৰ উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান নকৰে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে ভবানীপুৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। মমতা বেনাৰ্জীয়ে আলীপুৰত মনোনয়ন পত্ৰ দাখিল কৰে। ভবানীপুৰত অহা ৩০ ছেপ্টেম্বৰত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিয়ে ভবানীপুৰ উপ নিৰ্বাচনত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰিয়ংকা তিবৰেৱালক টিকট প্ৰদান কৰিছে।
যিহেতু ভবানীপুৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰদান নকৰে গতিকে মূল যুঁজখন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিজেপিৰ প্ৰাৰ্থী প্ৰিয়ংকা তিবৰেৱালৰ মাজত হ’ব। ৩০ ছেপ্টেম্বৰত ভবানীপুৰৰ লগতে পশ্চিম বংগৰ ছমছেৰগঞ্জ আৰু জংগীপুৰ আসনৰ বাবেও ভোট গ্ৰহণ হ’ব।
লগতে পঢ়ক : কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান শতাধিক কংগ্ৰেছৰ
উল্লেখ্য যে বিধানসভা নিৰ্বাচনত পশ্চিম বংগত বিজেপিয়ে নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিও তৃণমূল কংগ্ৰেছক শাসনৰ গাদী পৰা আঁতৰাই আনিবলৈ সক্ষম নহ’ল। বিজেপিয়ে পশ্চিম বংগ দখল কৰিব নোৱাৰিলেও মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হাতত ১,৯৫৬ টা ভোটত পৰাজিত হৈছিল।।
আইন অনুসৰি, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৫ নৱেম্বৰৰ পূৰ্বে ৰাজ্যিক বিধানসভাৰ সদস্য হ’ব লাগিব। মনকৰিবলগীয়া যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল তৃণমূল কংগ্ৰেছৰ সোৱণদেৱ চট্টোপাধ্যায়ে। বৰ্তমান মমতা চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আহিছে।এইগৰাকী সোৱণদেৱ চট্টোপাধ্যায়ে মুখ্যমন্ত্ৰী মমতাৰ বাবে ভৱানীপুৰ আসনখন খালী কৰিছে। নিজে খাৰদাহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।