নিউজ ডেস্ক : তৃতীয়বাৰৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে ৫ মে’ত শপতগ্ৰহণ কৰিব মমতা বেনাৰ্জীয়ে । কেন্দ্ৰৰ বিজেপি চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰিও পশ্চিম বংগ দখল কৰাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰিলে তৃণমূল কংগ্ৰেছক। ইফালে তৃণমূল কংগ্ৰেছৰ বৃহৎ জয়ৰ পিছতে পশ্চিম বংগত দেখিবলৈ পোৱা গৈছে হিংসাত্মক ঘটনা।

যোৱা দেওবাৰে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়। ভোট গণনা অনুষ্ঠিত হোৱা এই পাঁচখন ৰাজ্যৰ ভিতৰত সমগ্ৰ দেশবাসীৰ দৃষ্টি আছিল পশ্চিম বংগৰ ফলাফলৰ ওপৰত। কেন্দ্ৰৰ বিজেপি দলে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিছিল এইবাৰ তৃণমূল কংগ্ৰেছক পশ্চিম বংগৰ শাসনৰ পৰা আঁতৰাই ৰাজ্যখন নিজৰ দখললৈ অনাৰ বাবে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী নেতাই পশ্চিম বংগৰ ৰাজনৈতিক ৰঙা গেৰুৱা কৰাৰ চেষ্টা চলাইছিল যদিও তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ এই আশাত চেঁচা পানী ঢালি পুনৰবাৰ পশ্চিম বংগ তৃণমূল কংগ্ৰেছৰ দখলত ৰাখিবলৈ সক্ষম হয়।

দেওবাৰে ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত পশ্চিম বংগৰ ২৯২ খন আসনৰ ভিতৰত ২১২ খন আসনত বিপুল জয় সাব্যস্ত কৰে তৃণমূল কংগ্রেছে। মমতা বেনাৰ্জীৰ এই বৃহৎ জয়ে বিজেপিৰ পশ্চিম বংগ দখলৰ সপোন ভংগ কৰি শাসনৰ গাদীত তৃণমূল কংগ্ৰেছক অধিষ্ঠিত কৰিবলৈ সক্ষম হয়। অহা ৫ মে’ত মমতা বেনাৰ্জী তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

ইতিমধ্যে তৃণমূল কংগ্রেছৰ নেত্রী তথা মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধানখৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছে৷ ইফালে পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ বৃহৎ জয়ৰ পিছতে হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। আনফালে পশ্চিম বংগত এইবাৰ বাওঁপন্থী দলৰ লগতে কংগ্ৰেছ দলে এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply