নিউজ ডেস্কঃ খঙৰ ভমকত পিতৃয়ে যৌন উৎপীড়ন চলালে ১৫বছৰীয়া কন্যাক। এই ঘটনা সংঘটিত হৈছে বিশাখাপত্তনমত। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰিছে।
কিশোৰীগৰাকীয়ে দিনটোৰ অধিক সময় ফোনত অতিবাহিত কৰিছিল। এই খঙতে ৪২ বছৰীয়া পিতৃয়ে কেইবাবাৰো যৌন নিৰ্যাতন চলাইছিল নিজ কন্যাক। প্ৰথমে ভয় আৰু লাজৰ বাবে কন্যা গৰাকীয়ে এই সন্দৰ্ভত মুখ খোলা নাছিল। কিন্তু এই অত্যাচাৰ যেতিয়া চৰম সীমা পাইছিল তেওঁ মুখ খুলিবলৈ বাধ্য হৈছিল। তেওঁ এগৰাকী শিক্ষকক সকলো কথা বিৱৰি কৈছিল। শিক্ষকজন হতবাক হৈ লগে লগে অভিযুক্ত পিতৃক বিদ্যালয়লৈ মাতি নি সোধপোচ কৰিলে।
লগতে পঢ়কঃএকেৰাহে পাঁচ দিনৰ পিছত দেশত দৈনিক কৰোণা সংক্ৰমণ তিনি লাখৰ তললৈ হ্ৰাস
পেছাত আৰক্ষী কনিষ্টবল পিতৃয়ে অৱশেষত নিজ কন্যাক যৌন উৎপীড়ন চলোৱাৰ বিষয়ে স্বীকাৰ কৰে। শিক্ষকজনে কিশোৰীগৰাকীৰ পিতৃৰ বিৰুদ্ধে আৰক্ষী থানাত যৌন নিৰ্যাতনৰ অভিযোগত এজাহাৰ দাখিল কৰে।
এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট পিতৃক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, দুবছৰ পূৰ্বে ব্যক্তিজনৰ দুয়োটা বৃক্ক বিকল হৈছিল। তাৰ পিছতে তেওঁৰ পত্নীয়ে তেওঁক এটা বৃক্ক দান কৰিছিল। কিন্তু বৃক্ক দান কৰাৰ পিছতেই পত্নী নিজেই অসুস্থ হৈ পৰে। পত্নী অসুস্থ হৈ পৰাত ব্যক্তিজনে পিতৃ গৃহলৈ পত্নীক খেদি পঠিয়াই। লগতে নিজ কন্যা সন্তান গৰাকীৰ সৈতেই ব্যক্তিগৰাকী বসবাস কৰি আছিল।