নেশ্যনেল ডেস্ক – দিনদুপৰতে এগৰাকী হিন্দু দৰ্জীক শিৰচ্ছেদ কৰি হত্যা কৰা হ’ল ৰাজস্থানত। ৰাজস্থানৰ উদয়পুৰত সংঘটিত এই ঘটনাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি উত্তেজনাই বিৰাজ কৰিছে। ইতিমধ্যে এলেকাটোৰ দোকান-পোহাৰ বন্ধ কৰি দিয়া হৈছে। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষীক সতৰ্ক থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। আনকি মুখ্যমন্ত্ৰী অশোক গেহলটেও সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি নকৰাৰ আহ্বান জনাইছে।

ঘটনাটোক “বেদনাদায়ক” আৰু “লজ্জাজনক” বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে।

হত্যাকাণ্ডটো সংঘটিত হোৱাৰ আঁৰত দুটা সম্প্ৰদায়ৰ মাজত কিছুদিন ধৰি চলি থকা সামাজিক মাধ্যমৰ কিছু পোষ্ট বুলি জানিব পৰা গৈছে। ইতিমধ্যে হত্যাকাণ্ডৰ গোচৰত এজন অভিযুক্তক আটক কৰা হৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, হত্যাকাৰীকেইটাই সমগ্ৰ ঘটনাটোৰ চিত্ৰগ্ৰহণ কৰিছিল। নিলম্বিত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগত কানহাইয়া লাল নামৰ দৰ্জীজনক হত্যা কৰা হৈছিল। অভিযোগ অনুসৰি কানহাইয়া লালে নূপুৰ শৰ্মাৰ সমৰ্থনত কেইদিনমান আগতে হোৱাটছএপৰ ষ্টেটাছ লিখিছিল।

উল্লেখ্য যে ৰিয়াজ বুলি চিনাক্ত কৰা এজন আক্ৰমণকাৰীয়ে কানহাইয়া লালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু আনজনে তেওঁৰ মোবাইল ফোনত এই সমগ্ৰ ঘটনা ৰেকৰ্ড কৰিছিল। ইয়াৰ ঠিক পিছতে, তেওঁলোকে ছ’চিয়েল মিডিয়াত হত্যাৰ কথা স্বীকাৰ কৰি এটা ভিডিঅ’ প্ৰচাৰ কৰিছিল।

উদয়পুৰৰ আৰক্ষী অধীক্ষক মনোজ কুমাৰে FinancialExpress.com ক জনায় যে দুটা সম্প্ৰদায়ৰ মাজত নুপুৰ শৰ্মাৰ মন্তব্যক লৈ ছ’চিয়েল মিডিয়াৰ পোষ্টৰ পৰিপ্ৰেক্ষিততে দৰ্জীজনক হত্যা কৰা হৈছিল।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। তেওঁ লোকসকলক হত্যাৰ ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈও আহ্বান জনাইছে।

“উদয়পুৰত সংঘটিত জঘন্য হত্যাকাণ্ডক মই গৰিহণা দিছো। এই ঘটনাত জড়িত সকলো অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মই সকলো পক্ষকে শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনাইছো। এনে জঘন্য অপৰাধত জড়িত প্ৰতিজন ব্যক্তিক কঠোৰতম শাস্তি প্ৰদান কৰা হ’ব,” গেহলটে টুইটাৰত লিখিছে।

“মই সকলোকে এই ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি পৰিৱেশ বিঘ্নিত কৰাৰ চেষ্টা নকৰিবলৈ অনুৰোধ জনাইছো। ভিডিঅ’টো শ্বেয়াৰ কৰি অপৰাধীজনৰ সমাজত ঘৃণা বিয়পোৱাৰ উদ্দেশ্য সফল হ’ব,” তেওঁ লগতে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply