নিউজ ডেস্কঃ বিবাহ প্ৰতিজন ব্যক্তিৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তবোৰৰ ভিতৰত এটা। সকলোৱে এই মুহূৰ্তটোলৈ অপেক্ষা কৰি থাকে। পিছে ইজিপ্তত, এজন ল’ৰাই বিবাহৰ বাবে চৰম সীমা অতিক্ৰম কৰে। যুৱকজনে নিজৰ বিবাহখন পিছুৱাই যোৱাৰ বাবে এখন বিদ্যালয়ত অগ্নিসংযোগ কৰে।

দৰাচলতে যুৱকজনৰ প্ৰেয়সী সেই বিদ্যালয়খনতে পঢ়িছিল। যুৱতীগৰাকী পৰীক্ষাত ভাল ফলাফল কৰিব পৰা নাছিল আৰু পৰীক্ষাত ফেইল কৰিছিল। ফেইল কৰা বাবে পুনৰ এবছৰ বিদ্যালয়খনত আকৌ অধ্যয়ন কৰিবলীয়া হ’ল। যাৰ ফলত বিবাহৰ বাবে যুৱকজন পুনৰ এবছৰ অপেক্ষা কৰিবলীয়া হ’ল। সেই ক্ষোভত যুৱকজনে বিদ্যালয়খনৰ অধ্যক্ষকৰ কোঠা আৰু প্ৰশাসনৰ মহলাত অগ্নিসংযোগ কৰে। অগ্নিকাণ্ডত বিদ্যালয়খনৰ লক্ষাধিক মূল্যৰ বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু সামগ্ৰী ভস্মীভূত হৈছিল।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কিন্তু তেতিয়ালৈকে বিদ্যালয়খনৰ অধ্যক্ষকৰ কোঠা আৰু প্ৰশাসনিক ভৱনত যথেষ্ট ক্ষতি হৈছিল। বহুতো শিক্ষাৰ্থীৰ তথ্য জুইত ভস্মীভূত হৈছিল। অৱশ্যে, এই ঘটনাত কোনো লোক হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই। ইফালে বিদ্যালয়ত অগ্নিসংযোগ কৰিয়েই গাঁৱলৈ পলাই গৈছিল।

অৱশ্যে আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।এই ঘটনাটোৱে ছ’চিয়েল মিডিয়াতো যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ ইজিপ্তত অগ্নিসংযোগৰ বহুতো ঘটনা সংঘটিত হৈছে। বিদ্যালয়খনত অগ্নিকাণ্ডৰ পূৰ্বে গিজাৰ আবু চেফিন গীৰ্জাত সংঘটিত অগ্নিকাণ্ডত ৪১ জন লোক নিহত আৰু ১৪ জন আহত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply