নিউজ ডেস্কঃ প্ৰায়ে সুৰাসক্ত লোকে হিংসাত্মক ঘটনা, দুৰ্ঘটনাৰ দৰে ঘটনা সংঘটিত কৰাৰ ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হয়। কিন্তু এইবাৰ এজন সুৰাসক্ত যুৱকে এনে এক কাম কৰিলে যাৰ ফলত প্ৰাণ হেৰুৱালে যুৱকজনে।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাৰ বাণগংগা থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হৈছে এই ঘটনা। দৰাচলতে, ইন্দোৰত হোলীৰ সময়ত বন্ধুৰ সৈতে উপভোগ কৰি থকা সময়তে ৩৮ বছৰীয়া গোপাল নামৰ যুৱকজনে নিজক চুৰীৰে আঘাত কৰে।

নৃত্য কৰি থকা সময়তে যুৱকজনে চুৰী হাতত লৈ নিজক ধেমালীতে খুচি থকাৰ সয়মত যুৱকজনৰ বুকুত চুৰীখনৰে দ’ কৈ আঘাতপ্ৰাপ্ত হয়। আৰু তাৰপাছতে বুকুৰ পৰা যুৱকজনৰ তেজ বৈ পৰে।

এই ঘটনাৰ পাছতে যুৱকজনক ততাতৈয়াকৈ লৈ যোৱা হয় হাস্পতাললৈ। কিন্তু হাস্পতালত চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে। পৰিয়ালৰ লোকে নৃত্য কৰি থকা সময়তে এই সমগ্ৰ ঘটনাৰ ভিডিঅ মোবাইলত ৰেকৰ্ড কৰে। আৰু এতিয়া এই ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply