নিউজ ডেস্ক: কৰোনা ভাইৰাছৰ গৱেষণাৰ বাবে পশ্চিমবংগৰ এজন ব্যক্তিয়ে নিজৰ শৰীৰ দান কৰিছে। শুকুৰবাৰে কলিকতাৰ নিৰ্মল দাস নামৰ ক’ভিডত আক্ৰান্ত হোৱা কেন্সাৰ ৰোগী গৰাকীয়ে মৃত্যুৰ পূৰ্বে নিজৰ শৰীৰটো কৰোনা ভাইৰাছ সম্পৰ্কীয় গৱেষণাৰ বাবে দান কৰাৰ কথা ঘোষণা কৰে।
এগৰাকী বিষয়াই জনোৱা মতে ৮৯ বছৰীয়া নিৰ্মল দাস কলিকতাৰ নিউ টাউন অঞ্চলৰ বাসিন্দা আছিল। কৰোনা ভাইৰাছৰ গৱেষণাৰ বাবে শৰীৰ দান কৰা নিৰ্মল দাসে সম্ভৱত দেশৰ প্ৰথমগৰাকী ব্যক্তি।
‘শনিবাৰে নিৰ্মলবাবুৰ শৰীৰটো আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনসিক বিভাগক দান কৰা হ’ব,’ তেওঁ কয়।
উল্লেখযো্গ্য পশ্চিমবংগত শুকুৰবাৰৰ দিনটোত পশ্চিমবংগত ৩,৮০৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হয়। ৰাজ্যখনত এইপৰ্য্যন্ত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৯,৮৬,৬৬৭ জনলৈ বৃদ্ধি পাইছে। আনহাতে ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ হাজাৰ অতিক্ৰম কৰিছে।
লগতে পঢ়ক – কেইবাদিনো ধৰি অন্ধকাৰত ডুবি আছে তেজপুৰৰ এখন গাঁও