নিউজ ডেস্কঃ কোনো স্থানত অগ্নিকাণ্ড সংঘটিত হ’লে উদ্ধাৰ অভিযান চলোৱা উদ্ধাৰকাৰী দলে জীৱন্তে বহু লোকক উদ্ধাৰ কৰা খবৰ প্ৰায়ে লাভ কৰা হয়। কিন্তু কেতিয়াবা দুৰ্ভাগ্যবশত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সময়ত আহি নাপায় অগ্নিনিৰ্বাপক বাহিনী। সেই সময়ত কোনো লোকৰ বাসগৃহত অগ্নিকাণ্ডত সংঘটিত হ’লে পৰিয়ালটো কেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় সেয়া সহজে অনুমেয়।

অগ্নিকাণ্ডই বহু লোকৰ প্ৰাণ কাঢ়ি নিয়ে, বহুজনক চিৰজীৱনৰ বাবে কৰি দিয়ে ঘূণীয়া। ইয়াৰ কাৰণ বহু থাকিব পাৰে, কিন্তু সময়মতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত নোহোৱাটো ইয়াৰে অন্যতম। কিন্তু তাৰ মাজতে ছচিয়েল মিডিয়াত এটা ভিডিঅ ভাইৰেল হৈ পৰিছে, য’ত এজন যুৱকে নিজৰ জীৱনৰ কথা চিন্তা নকৰি অগ্নিকাণ্ড সংঘটিত এটা বাসগৃহত সোমাই এটি কণমানি কন্যাৰ জীৱন ৰক্ষা কৰে।

YouTube video

যুৱকজনৰ এই সাহসিকতাক লৈ অগণন লোকে প্ৰশংসা কৰিছে। দৰাচলতে, এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ এৰিজোনাত। এৰিজোনাৰ গিল্বৰ্ট ৰোডৰ সমীপত এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীক অগ্নিকাণ্ডৰ সন্দৰ্ভত খবৰ দিয়াৰ পাছতে উক্ত স্থানত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা আৰম্ভ কৰে। সেই সময়তে এজন যুৱকে বাসগৃহটোৰ এখন খিৰিকীৰ গ্লাছ ভাঙিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়।

যুৱকজনক অগ্নিনিৰ্বাপক বাহিনীৰে এজন লোকে নিৰ্দেশনাও দি থকা দেখা যায়। তাৰপাছত খিৰিকী ভাঙি বাসগৃহটোত প্ৰৱেশ কৰা যুৱকজনে এটা কণমানি কন্যা শিশুক সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আনে। তাৰপাছত অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই যুৱকজনক প্ৰশ্ন কৰে আৰু এটি শিশু বাসগৃহটোৰ ভিতৰত আছে। এই কথা জানিব পাৰি যুৱকজনে পুনৰ বাসগৃহটোৰ ভিতৰত সোমাই ৯ বছৰীয়া এটি শিশুক বাহিৰলৈ লৈ আহে।

এটা বাসগৃহ বা দোকান-পোহাৰত অগ্নিকাণ্ড সংঘটিত হ’লে সাধাৰণতে সাধাৰণ ৰাইজ সেই স্থানৰ পৰা দূৰৈতে থাকে। কিন্তু এই সাহসী যুৱকজনে জুইৰ মাজত গৈ নিজৰ জীৱনৰ কথা এক ছেকেণ্ডৰ বাবেও চিন্তা নকৰি শিশু দুটিৰ প্ৰাণ ৰক্ষা কৰে। আৰু এতিয়া এই যুৱকজনৰ এই সাহসিকতাৰ ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply