নিউজ ডেস্ক : ডাঙৰ শব্দ কৰি গান বজোৱাৰ বাবে এজন দুৰ্ভগীয়া ব্যক্তিয়ে প্ৰতিৱেশীৰ হাতত নিজৰ প্ৰাণ হেৰোৱাব লগা হ’ল। মুম্বাই মহানগৰত সংঘটিত হৈছে এই ঘটনা, বৃহস্পতিবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে বুধবাৰে নিশা মুম্বাইৰ মালৱানি অঞ্চলৰ অম্বুজাৱাড়িত এগৰাকী ৪০ ব্যক্তিক তেওঁৰ প্ৰতিৱেশীয়ে ডাঙৰকৈ গান বজোৱাৰ বাবে হত্যা কৰে।
নিহত লোকজনক সুৰেন্দ্ৰ কুমাৰ গুন্নাৰ বুলি চিনাক্ত কৰা হৈছে। সুৰেন্দ্ৰই নিশা নিজৰ ঘৰৰ বাৰাণ্ডাত বহি ৰেকৰ্ডাৰত গান শুনি থকা অৱস্থাত প্ৰতিৱেশী ছেইফ আলী চান্দ আলী ছেইখ (২৫)-এ তেওঁক গানৰ শব্দ কমাবলৈ কৈছিল।
কিন্তু সুৰেন্দ্ৰই গানৰ ভলিউম কমাবলৈ মান্তি নোহোৱাত ছেইখে তেওঁক খুব জোৰেৰে প্ৰহাৰ কৰে, ফলত সুৰেন্দ্ৰৰ অতিপাত ৰক্তক্ষৰণ হোৱাৰ লগতে অচেতন হৈ পৰে। তেওঁক ততাতৈয়াকৈ সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
অভিযুক্ত লোকজনক পিছত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক : নগাৱৰ কন্দলী ফায়েৰিং ফিল্ডৰ কাষত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ