নিউজ ডেস্কঃ মানুহৰ চখবোৰ সঁচাই আচৰিত। নিজৰ চখ পূৰণ কৰিবলৈ মানুহে কি কি যে নকৰে। কোনোবাই গোটেই শৰীৰতে টেটু আঁকি লয়। কোনোবাই আকৌ নিজকে কুৎসিত কৰিবলৈও ৰূপ সলনি কৰি লয়। মাজে মাজে এই ধৰণৰ বিভিন্ন খবৰে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰে। কিন্তু এইবাৰ জাপানৰ এজন যুৱকে ছ’চিয়েল মিডিয়াত বিশেষভাৱে চৰ্চা লাভ কৰিছে। নিজকে কুকুৰলৈ ৰূপান্তৰিত কৰিলে যুৱকজনে।

অবিশ্বাস্য হলেও সত্য! জাপানৰ টাকো নামৰ এজন যুৱকজনে ১১লাখ টকা খৰছ কৰি নিজকে কুকুৰৰ ৰূপলৈ বদলি কৰিলে। সৰুৰে পৰাই তেওঁ কুকুৰৰ প্ৰতি খুবেই আকৰ্ষিত আৰু সেয়ে কুকুৰৰ দৰে জীয়াই থাকিবলৈ ভাল পায়। সেই চখৰ পিছত দৌৰি গৈ অৱশেষত নিজৰ ৰূপ সলনি কৰি হৈ পৰিল ‘কুকুৰ’।

পিছে কুকুৰৰ চেহেৰালৈ পৰিৱৰ্তন কৰিবলৈ যুৱকজনে কোনো ধৰণৰ অস্ত্ৰোপচাৰো কৰা নাই। বৰঞ্চ তেওঁ এটা কাপোৰৰ কোম্পানীৰ লগত যোগাযোগ কৰিছিল। কুকুৰৰ দৰে সাজ বনাবলৈ কোম্পানীটোক অৰ্ডাৰ দিছিল। সাজযোৰ এনেকুৱা হ’ব লাগিব যাতে পিন্ধাৰ পাছত কোনেও ধৰিব নোৱাৰে যে এইয়া কুকুৰ নহয়। সেই সাজযোৰৰ দাম হৈছে ১১ লাখ ৬৩ হাজাৰ টকা। যুৱকজনে সেই সাজযোৰ পিন্ধি ছ’চিয়েল মিডিয়াত ইতিমধ্যে ফটোও শ্বেয়াৰ কৰিছে। যুৱকজনক লৈ এতিয়া ছ’চিয়েল মিডিয়াত বহুত চৰ্চাও চলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply