নিউজ ডেস্কঃ কৰ্ণাটকৰ মাংগালুৰুত দুগৰাকী মহিলাক অভব্য আচৰণ কৰা যুৱকক গ্ৰেপ্তাৰ। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা ধৃত যুৱকজন কৰকলাৰ নিবাসী ২৬ বছৰীয়া সুজিত চেট্টী। অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে পীড়িত মহিলা দুগৰাকীয়ে গোচৰ ৰুজু কৰিছে আৰক্ষী থানাত।
গোচৰত উল্লেখ কৰা অনুসৰি, ঠোকোট্টুৰ হুডা জুম্মা মছজিদৰ ভিতৰত অভিযুক্ত যুৱকজনে তেওঁলোকৰ সৈতে অভব্য আচৰণ কৰে। ২৮ এপ্ৰিলৰ নিশা প্ৰায় ১১.৩০ বজাত মছজিত আয়োজিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল মহিলা দুগৰাকী।
তাৰপাছত নিশা ২ বজাত মছজিদত মহিলা দুগৰাকীয়ে নামাজ পঢ়ি থাকে, সেই সময়তে সুজিত চেট্টী নামৰ যুৱকজনে মহিলাগৰাকীৰ হাতত ধৰি টানি নিয়ে আৰু অভব্য আচৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। লগতে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলিও আৰক্ষীয়ে কয়।