নিউজ ডেস্কঃ ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে মানিক সাহাই। বিপ্লৱ কুমাৰ দেৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছতে যোৱাকালি ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সাহাৰ নাম ঘোষণা কৰা হৈছিল। দেওবাৰে আগৰতলাস্থিত ৰাজভৱনত মানিক সাহাই মুখ্যমন্ত্ৰী পদৰ বাবে শপত লয়।

উল্লেখ্য যে, ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ সভাপতি সাহা। ৰাজ্যখনৰ ১১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে সাহাই। উল্লেখ্য যে, অহা বছৰ মাৰ্চত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ঠিক একেধৰণৰে পৰিস্থিতি সৃষ্টি হৈছিল উত্তৰাখণ্ডতো।

উত্তৰাখণ্ডতো বিধানসভা নিৰ্বাচনৰ কিছু মাহ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছিল। উল্লেখ কৰাৰ প্ৰয়োজন যে- ২০১৬চনত মানিক সাহাই কংগ্ৰেছৰ দলত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply