নিউজ ডেস্ক: মণিপুৰত আজি সংঘটিত এক সন্দেহজনক আই ই ডি বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৪জন গুৰুতৰভাৱে আহত হয়। অচিনাক্ত দুৰ্বৃত্তই উক্ত বিস্ফোৰণকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে, সোমবাৰে পুৱতি নিশা প্ৰায় ১.৩০ বজাত মণিপুৰৰ থৌবাল জিলাৰ খংজম অঞ্চলত এটা সমূহীয়া গৃহত সংঘটিত হয় এই বিস্ফোৰণ।

বিস্ফোৰণত নিহত তথা আহত আটাই কেইগৰাকী লোক পশ্চিমবংগৰ পৰা অহা শ্ৰমিক বুলি জানিব পৰা গৈছে। তেওঁলোক সমূহীয়া গৃহটোত এটা পানীৰ টেংক নিৰ্মাণৰ কামত নিয়োজিত আছিল।

ইয়াৰে নিহত শ্ৰমিকজনক পংকজ মাহাতো (২১) আৰু আহত কেইজনক অৰূপ মণ্ডল (৩০), শৌভিক পাত্ৰ (১৮), অপূৰ্ব মণ্ডল (২৫) আৰু ৰাজেশ ৰামানিক (১৯) বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু ফৰেন্সিক বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক – ৰাজ্যত এতিয়াও ৪ লক্ষাধিক লোক বানপানীৰ কবলত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply