নিউজ ডেস্ক : মণিপুৰৰ ইম্ফল বিমাণবন্দৰত চোৰাং সোণ কঢ়িয়াই অনা অৱস্থাত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোকজনৰ পৰা চি আই এছ এফ বাহিনীয়ে ৪টা সোণৰ পেকেট জব্দ কৰে। চি আই এছ এফৰ এক প্ৰেছ বিজ্ঞপ্তি মতে যোৱা সোমবাৰে সোণসহ লোকজনক আটক কৰা হৈছিল।

জানিব পৰা মতে ৯০৯.৬৮ গ্ৰাম ওজনৰ সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৪২ লাখ টকা হ’ব। ধৃত লোকজনক মোহম্মদ শ্বৰিফ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ধৃত লোকজনে নিজৰ সোণখিনি মলদ্বাৰৰ ভিতৰত সোমোৱাই আনিছিল। বিমাণবন্দৰত থকা নিৰাপত্তাৰক্ষীয়ে চলোৱা তালাচিত তেওঁৰ মলদ্বাৰত গোটা বস্তু ধৰা পৰিছিল যদিও লোকজনে অস্বীকাৰ কৰাত তেওঁক মেডিকেল কক্ষলৈ নি এক্স-ৰে’ কৰাত এইয়া ধৰা পৰে।

আটকাধীন শ্বৰিফৰ ঘৰ কেৰেলাত বুলি জানিব পৰা গৈছে আৰু যোৱা সোমবাৰে ইম্ফলৰ পৰা দিল্লীলৈ যাবৰ বাবে বিমাণবন্দৰত উপস্থিত হোৱা সময়ত তেওঁক আটক কৰা হয়।

লগতে পঢ়ক : অসম ৰাজ্যিক জমিয়ত উলেমাৰ বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply