নিউজ ডেস্ক : মণিপুৰত আজি অসম ৰাইফলছৰ ওপৰত উগ্ৰপন্থীয়ে চলোৱা ভয়ংকৰ কূটাঘাতৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্নজনে উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা জনাইছে।

টুইটাৰৰ জৰিয়তে প্ৰধান মন্ত্ৰীয়ে মোদীয়ে অসম ৰাইফলছৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা জনোৱাৰ লগতে আক্ৰমণত প্ৰাণ হেৰুওৱা নিহত জোৱান আৰু পৰিয়ালৰ সদস্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘তেওঁলোকৰ আত্ম বলিদানক কেতিয়াও পাহৰা নাযাব। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি মই গভীৰ সমবেদনা জনাইছো।’ তেওঁ কয়।

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই আক্ৰমণক ‘কাপুৰুষালি’ বুলি অভিহিত কৰি কয় যে এই কাণ্ড সংঘটিত কৰা দোষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে শনিবাৰে পুৱা প্ৰায় ১০ বজাত মণিপুৰৰ চুৰাচান্দপুৰ জিলাত উগ্ৰপন্থীৰ আক্ৰমণত ৪৬ নং অসম ৰাইফলছৰ কামাণ্ডিং বিষয়া, তেওঁৰ পত্নী আৰু পুত্ৰসহ মুঠ ৭ জন লোকে প্ৰাণ হেৰোৱা বুলি খবৰ আহিছে।

পত্নীসহ কামাণ্ডিং বিষয়া বিপ্লৱ ত্ৰিপাঠী

উগ্ৰপন্থীয়ে ৪৬ নং অসম ৰাইফলছৰ কামাণ্ডিং বিষয়া বিপ্লৱ ত্ৰিপাঠীৰ কনভায়ৰ ওপৰত আক্ৰমণ চলায়। আক্ৰমণত ত্ৰিপাঠীৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ থিতাতে নিহত হৈছিল।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বিৰেণ সিঙে উক্ত আক্ৰমণক গৰিহণা জনোৱাৰ লগতে দোষীক বিচাৰি ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰা বুলি টুইট যোগে সদৰী কৰিছে।

লগতে পঢ়ক : চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply