মণিপুৰঃ মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ উদ্ধাৰ।

গোপন সূত্ৰৰ ভিত্তিত, মণিপুৰৰ হুইকাপ আৱাং অঞ্চলত দেওবাৰে নিৰাপত্তৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ।

লগতে পঢ়কঃমাৰ্ঘেৰিটাত চোৰাং কয়লা সহ গ্ৰেপ্তাৰ দুই কয়লা চোৰ

আৰক্ষীয়ে অঞ্চলটোৰ লাইথাংবাম প্ৰফুল্ল সিং নামৰ UNLFৰ সদস্যজনৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে এই অস্ত্ৰ–শস্ত্ৰসমূহ।

হুইকাপ আৱাং লেইকাইত এটা তালাচী অভিযানৰ সময়ত এটা গোহালিৰ তলৰ পৰা এই বিস্ফোৰক সামগ্ৰীৰ ভাণ্ডাৰটো উদ্ধাৰ কৰা হৈছিল।

খবৰ অনুসৰি অস্ত্ৰসমূহ ধৰা পৰা ইউএনএলএফ সদস্য প্ৰফুল্ল সিঙৰ (৪৩) আছিল। আন দুজন অভিযুক্তক লাইটোনজাম কুমাৰ সিং (৪৭) আৰু ৱাহেংবাম টম্পক (৪৯) বুলি চিনাক্ত কৰা হৈছে।

জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ১৩ টা এ কে-৫৬ ৰাইফল, এটা এ কে-৮১ আৰু এটা এ কে-৮৬ ৰাইফল, দুটা এম-১৬ চিৰিজ এছল্ট ৰাইফল, এটা সক্রিয় আৰপিজি লঞ্চাৰ, ৭.৬২ টা লাইভ এমোৰ ২০০ ৰাউণ্ড আৰু ৫.৫ৰ ১০ ৰাউণ্ড সজীৱ গুলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply