নিউজ ডেস্কঃ মণিপুৰ বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ পাছত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব এই প্ৰশ্নৰ উত্তৰ আজি লাভ কৰিব ৰাজ্যবাসীয়ে। আজি মণিপুৰত বিজেপি বিধায়িনী দলৰ বৈঠক বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
এই বৈঠকত অংশ ল’বলৈ মণিপুৰলৈ ৰাওনা হৈছে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কিৰেণ ৰিজিজু। উল্লেখ্য যে, শনিবাৰেও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব এই সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকখনত মণিপুৰৰ বিজেপিৰ জ্যেষ্ঠ বিধায়ক টি বিশ্বজিত ৰাণে, গোৱাৰ কাৰ্যবাহক চিএম প্ৰমোদ সাৱন্ত, বিজেপিৰ অধ্যক্ষ জে পি নড্ডা উপস্থিত থাকে। অৱশ্যে দেওবাৰে হ’বলগীয়া এই বৈঠকৰ পাছতহে জানিব পৰা যাব কোন হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী।