নিউজ ডেস্ক: আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত এটা শক্তিশালী IEDৰ বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে উক্ত বিস্ফোৰণত কোনো লোকৰ হতাহতি হোৱা নাই।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পুৱা প্ৰায় ৩ বজাত ইম্ফল আৰক্ষী থানাৰ অন্তৰ্গত Nagamapal Lamaban Leikai –ত এখন দোকানৰ সন্মুখত উক্ত বিস্ফোৰণটো সংঘটিত হয়।

প্ৰকাশ ছেত্ৰী নামৰ এজন লোক উক্ত দোকানখনৰ মালিক বুলি জানিব পৰা গৈছে।

বিস্ফোৰণৰ ফলত দোকানখনৰ শ্বাটাৰখন সম্পূৰ্ণ ভাঙি পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে অনুসন্ধান চলাই আছে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত কোনো লোক বা সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

লগতে পঢ়ক – জঘন্য ঘটনাঃ মহানগৰীত সতীয়া পিতৃয়ে ধৰ্ষণ কৰিলে কিশোৰীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply