নিউজ ডেস্কঃ মণিপুৰত পুনৰ চৰকাৰ গঠনৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৬ গৰাকী নতুন মন্ত্ৰীক। বীৰেন সিং চৰকাৰৰ নতুন ৬ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে।
ইয়াৰে ৫ গৰাকী বিজেপিৰ নেতা আৰু এগৰাকী এনপিএফৰ নেতা। ৰাজ্যখনৰ ৰাজ্যপাল লা গণেশনে শপতবাক্য পাঠ কৰাই মন্ত্ৰী কেইগৰাকী।
মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰা মন্ত্ৰী কেইগৰাকী ক্ৰমে- বিজেপিৰ জ্যেষ্ঠ নেতা লটপাও হাওকিপ, বসন্তা সিং, ডাঃ সপম ৰঞ্জন সিং, এল সুসিণ্ড্ৰ মৌটেই, এছ ডিংগো সিং আৰু এনপিএফৰ কাছিম বসুম।