নিউজ ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানসূচক মন্তব্য প্ৰদান কৰাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰক গ্ৰেপ্তাৰ কৰে।
ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি এম বৰিশ শৰ্মাই দাখিল কৰা এক এজাহাৰৰ ভিত্তিত মঙলবাৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ চামাচৰণ সিঙক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে তেওঁৰ এজাহাৰত উল্লেখ কৰা মতে যোৱা ৯ এপ্ৰিলত IMPACT TV নামৰ এক স্থানীয় টি ভি চেনেলৰ অনুষ্ঠানত কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ভাৰতীয় মূলখণ্ডৰ লোকক গালি পৰাৰ উপৰি গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰে।
কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ভাৰতীয় মূলখণ্ডৰ হিন্দুসকলক ‘পশুতুল্য’ বুলি অভিহিত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অশালীন ভাষা প্ৰয়োগ কৰি ধৰ্মীয় অনুভূতিত আঘাট সানিছে বুলি এজাহাৰখনত কোৱা হয়।
উক্ত এজাহাৰৰ ভিত্তিত চামাচৰণ সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ২৯৫ জেদ, ৫০৫ -ৰ অধীনত গোচৰ ৰুজু কৰা হয়। অৱশ্যে একেটা দিনতে মুখপাত্ৰ গৰাকীয়ে জামিন লাভ কৰে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰহস্যজনক ঘটনা