নিউজ ডেস্ক: মঙলবাৰে ম্যানমাৰত দুজন ভাৰতীয় লোক নিহত হোৱাৰ পাছত মণিপুৰ চৰকাৰে আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ Tengnoupal জিলাৰ মোৰে চহৰলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰিছে।

উল্লেখযোদ্য যে যোৱা বুধবাৰে ম্যানমাৰৰ তামুত দেশখনৰ সামৰিক জুন্টাৰ সমৰ্থিত Pyu Shaw Htee নামৰ সংগঠনটোৱে মোৰে চহৰৰ দুজন তামিল যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উত্তেজনাই বিৰাজ কৰি আছে।

প্ৰাপ্ত তথ্য মতে পি মোহন (২৮) আৰু এম ইয়ানাৰ (৩৫) নামৰ তামিল যুৱক দুজনে ম্যানমাৰৰ তামু চহৰত বন্ধুক লগ ধৰিবলৈ যাওঁতে তেওঁলোকে এইদৰে মৃত্যুক সাবটিব লগীয়া হয়।

শুকুৰবাৰে Tengnoupal-ৰ উপাযুক্ত আৰু মণিপুৰৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে মোৰেত উপস্থিত হৈ নিহত যুৱক দুজনৰ পৰিয়ালক সাক্ষাৎ কৰি মৃতদেহ দুটা ঘৰলৈ ঘূৰাই অনাৰ বাবে উচ্চতম পৰ্য্যায়ত আলোচনা চলি আছে বুলি উল্লেখ কৰে।

উক্ত ঘটনাৰ পিছতে যাতে কোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে CrPC-ৰ ১৪৪ ধাৰাৰ অধীনত পৰৱৰ্তী নিৰ্দেশ প্ৰকাশ নোহোৱালৈকে সমগ্ৰ মোৰে চহৰত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে, উক্ত ঘটনাৰ প্ৰতিবাদত যোৱা বুধবাৰৰ পৰা মোৰেত সকলোধৰণৰ বেপাৰ-বাণিজ্য বন্ধ হৈ আছে, জানিব পৰা মতে নিহত যুৱক দুজনৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই নিদিয়া পৰ্যন্ত চহৰখনৰ পৰিস্থিতি এনেদৰে থকাৰ সম্ভাৱনা আছে।

ইফালে, দুয়োখন দেশৰ সীমান্তৱৰ্তী চহৰ দুখনত উত্তেজনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মোৰে আৰু তামুৰ মাজত যাতায়ত সম্পূৰ্ণ বদ্ধ হৈ আছে, ফলত ভাৰত-ম্যানমাৰৰ বাণিজ্যিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।

লগতে পঢ়ক – চলিত বৰ্ষত অসমত বান, ভূমিস্খলনত ৬৩টি শিশুৱে হেৰোৱালে প্ৰাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply