নিউজ ডেস্কঃ মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মুঠ ৬০টা সমষ্টিৰ ৩৮টা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰে সোমবাৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, সোমবাৰৰ সন্ধিয়া ৪ বজালৈকে ৭০ শতাংশৰো অধিক ভোটদান কৰা হৈছে।

উল্লেখ্য যে, মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৩৮টা সমষ্টিত ১৫ গৰাকী মহিলাসহ ১৭৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰায় ১২লাখ ভোটাৰে এই প্ৰাৰ্থী কেইগৰাকীৰ ভাগ্য নিৰ্ণয় কৰিব। সন্ধিয়া ৪ বজাত ভোটগ্ৰহণ পৰ্ব সম্পন্ন হৈ যায়। ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ভোটদান কৰা ভোটাৰ সকলৰ ভিতৰত ৬.২৮ লাখ মহিলা, ৫.৮০ লাখ পুৰুষ আৰু ১৭৫জন তৃতীয় লিংগৰ লোক।

সোমবাৰে মুঠ ১২.০৯ লাখ ভোটাৰ ৰাইজে ১৭২১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাদান কৰিছে। উল্লেখ কৰাৰ প্ৰয়োজন যে, প্ৰথম পৰ্যায়ৰ ৩৮টা বিধানসভা সমষ্টি মণিপুৰৰ ৫খন জিলাৰ। পূব ইম্ফলৰ ১০টা, পশ্চিম ইম্ফলৰ ১৩টা, বিষ্ণুপুৰৰ ৬টা, চুৰাচন্দপুৰৰ ৬টা আৰু কংপোকপী জিলাৰ ৩টা বিধানসভা সমষ্টি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply