নিউজ ডেস্কঃ মণিপুৰত অব্যাহত আছে ভোটগ্ৰহণ। শনিবাৰে পুৱাৰে পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হয় ৰাজ্যখনত। নিৰ্বাচন আয়োগৰ মতে, মণিপুৰত দিনৰ ১ বজালৈকে ৪৭.২ শতাংশ ভোটদান সম্পন্ন হৈছে। কিন্তু প্ৰথম পৰ্যায়লৈ যদি চোৱা হয় তেন্তে এইবাৰ ১৯.৮ শতাংশ হ্ৰাস পাইছে ভোটদানৰ হাৰ।

মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা দিনৰ ১ বজালৈকে ৬৭ শতাংশ ভোটদান সম্পন্ন হৈছিল। উল্লেখ্য যে, ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২২টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে। এই ২২খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ৯২জন প্ৰাৰ্থীয়ে।

এই সকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মণিপুৰৰ ৰাইজে। ইফালে, মণিপুৰ বিধানসভা নিৰ্বাচনৰ দিনা সংঘটিত হৈছে কিছু হিংসাত্মক ঘটনাও। ৰাজ্যখনত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, যাৰ ফলত এজন লোকে হেৰুৱাইছে প্ৰাণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply