নিউজ ডেস্কঃ দেশত এতিয়া চলি আছে নিৰ্বাচনী বতাহ। সোমবাৰে মণিপুৰত আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত শাৰী পাতি ভোটাৰ ৰাইজে সাব্যস্ত কৰিছে ভোটাধিকাৰ।
জানিব পৰা মতে, সোমবাৰৰ দিনৰ ১ বজালৈ মণিপুৰত সম্পন্ন হয় ৪৮.৮৮ শতাংশ ভোটদান। উল্লেখ্য যে, ৰাজ্যখনত ৫খন জিলাৰ ৩৮টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সোমবাৰে আৰম্ভ হয়।
দিনৰ ১ বজালৈকে ইয়াৰে পূব ইম্ফলত ৪৬.১১ শতাংশ, পশ্চিম ইম্ফলত ৫১.১৫ শতাংশ, বিষ্ণপুৰত ৫০.৪৮ শতাংশ, চুৰাচন্দপুৰত ৪০.৩৭ শতাংশ আৰু কংপোকপী জিলাত ৬১.৩০ শতাংশ ভোটদান কৰা হৈছে।