নিউজ ডেস্ক : মণিপুৰত উগ্ৰপন্থীৰ গুলীচালনাত এটি ৮ বছৰীয়া শিশুকে ধৰি ৪জন লোকৰ মৃত্যুক সাবটিব লগীয়া হয়। মঙলবাৰে মণিপুৰৰ কাংপকপি জিলাত উক্ত ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য মতে, মঙলবাৰে কাংপকপি জিলাৰ বি গামনম গাঁৱত অনুষ্ঠিত এটি শ্ৰধাঞ্জলি অনুষ্ঠানত গোট খোৱা কৰা একাংশ লোকৰ ওপৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীচালনা কৰিছিল।
যোৱা দেওবাৰে ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ হাতত নিহত কুকি বিদ্ৰোহী গোট কে এন এল এ (Kuki National Liberation Army )-ৰ চাৰি গৰাকী সদস্যৰ শ্ৰদ্ধাত অনুষ্ঠিত অনুষ্ঠানৰ মাজতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে গোট খোৱা লোকৰ ওপৰত গুলীচালনা কৰে বুলি সূত্ৰত প্ৰকাশ।
উক্ত ঘটনাত এটি শিশুকে ধৰি ৪ জন লোকৰ মৃত্যু হোৱাৰ এটি ২ বছৰীয়া শিশুসহ দুজন লোক আঘাটপ্ৰাপ্ত হয়।
ঘটনা খবৰ পোৱাৰ পিছতে ৰাজ্যখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মুখ্য মন্ত্ৰী এন বিৰেন সিঙে উক্ত ঘটনাক গৰিহণা জনোৱাৰ লগতে এনে ঘটনাক সন্ত্ৰাহবাদী কাৰ্য্য হিচাপে অভিহিত কৰে।
লগতে পঢ়ক : এইবাৰ হিন্দু যুৱকৰ বিৰুদ্ধে ‘লাভ জেহাদ’ৰ অভিযোগ