নিউজ ডেস্ক : পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈ সকলক পুৰস্কৃত কৰিব মণিপুৰ চৰকাৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা খেলুৱৈ সকলে পদক অৰ্জন কৰিবলৈ সক্ষম হলে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিলে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আগন্তুক ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলৰ বাবে নগদ পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মণিপুৰৰ মুখ্যমন্ত্রী গৰাকীয়ে এই সন্দৰ্ভত কয় যে, “সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা বিজয়ী খেলুৱৈক ১.২ কোটি টকা, ৰূপৰ পদক বিজয়ী খেলুৱৈক ১ কোটি টকা আৰু ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈক ৭৬ লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

লগতে পঢ়ক : ১৬০ হেক্টৰতকৈ অধিক ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

উল্লেখ্য যে মণিপুৰৰ পাঁচজনকৈ খেলুৱৈয়ে এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্যতা অর্জন কৰিছে। এই খেলুৱৈ কেইজন হৈছে ক্ৰমে, পুখৰামবাম সুশীলা চানু (হকী), চাংলাকপাম নীলাকান্ত শৰ্মা (হকী), সুশীলা লিকমাবাম (জুডো), মাংটে চুংনেইজাং মেৰী কম (বক্সিং) আৰু চাইখোম মীৰাবাই চানু ( ভাৰোউত্তোলন)।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply