ৰাজনৈতিক কৰ্মী ইৰেন্দ্ৰো লেইচম্বমকেই

বিজেপি নেতাক উদেশ্যী সামাজিক মাধ্যমত ‘বিৰূপ’ মন্তব্য কৰাৰ অভিযোগত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ এগৰাকী সাংবাদিক আৰু এগৰাকী ৰাজনৈতিক কৰ্মীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত গ্ৰেপ্তাৰ কৰে।

সাংবাদিক কিশোৰচন্দ্ৰ ওৱাংখেম আৰু ৰাজনৈতিক কৰ্মী ইৰেন্দ্ৰো লেইচম্বমকেইক তেওঁলোকে মণিপুৰ বিজেপিৰ সদ্য প্ৰয়াত ৰাজ্যিক সভাপতি টিকেন্দ্ৰ সিংহৰ সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগ অনুসৰি যোৱা ১৩ মে’ত ক’ভিডত মণিপুৰ বিজেপিৰ ৰাজ্যিক সভাপতি টিকেন্দ্ৰ সিংহই মৃত্যুক সাবটি লোৱাৰ পিছত এক ফে’চবুক প’ষ্টত ওৱাংখেম আৰু লেইচম্বমকেইয়ে ‘গোবৰ আৰু গো-মূত্ৰই বিজেপিৰ এজন ৰাজ্যিক সভাপতিক ক’ভিডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে’ বুলি লিখিছিল।

লগতে পঢ়ক : দেশত ক’ভিডৰ ফলত ১ হাজাৰৰ অধিক চিকিৎসকৰ মৃত্যু; দ্বিতীয়টো ঢৌত ২৭০ গৰাকীয়ে মৃত্যুক সাবটিলে

ইয়াৰ পিছতেই তেওঁলোকৰ বিৰুদ্ধে ৰাজ্যখনৰ বিজেপিৰ উপ সভাপতি উশাম দেবান আৰু সাধাৰণ সম্পাদক পি প্ৰেমানন্দ মেইতেইয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰৰ নিশাই আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। পিছত আদালতে তেওঁলোকক ১৭ মে’লৈকে আৰক্ষী জিম্মাত প্ৰেৰণ কৰে।

সাংবাদিক কিশোৰচন্দ্ৰ ওৱাংখেম

দুয়োজনকে ৫০,০০০ টকাৰ জৰিমনা আৰু পুনৰ তেনে কাৰ্য্য নকৰাৰ প্ৰতিশ্ৰুতিত পশ্চিম ইম্ফল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিনত মুকলি কৰি দিছিল যদিও সোমবাৰে পশ্চিম ইম্ফল জিলাৰ দণ্ডাধীশ থ’ কিৰণকুমাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ৩(২) নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply