নিউজ ডেস্ক: বুধবাৰে মণিপুৰৰ ননী জিলাত সংঘটিত দুৰ্ভাগ্যজনক ভূমিস্খলনৰ উদ্ধাৰ অভিযানৰ সপ্তম দিনা এজন টেৰিটৰিয়েল সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱাত উক্ত ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯ জনলৈ বৃদ্ধি পায়।

আনহাতে, ভূমিস্খলনৰ ফলত নিৰ্মিয়মান ৰে’ল ষ্টেশ্যনটোত মাটিত পোত যোৱা বুলি সন্দেহ কৰা পাঁচজন স্থানীয় লোকসহ ১৩জন লোকৰ এইপৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা হোৱা নাই।

অত্যাধুনিক ৱাল ইমেজিং ৰাডাৰকে ধৰি গধুৰ যন্ত্ৰপাতিৰ সহায়ত নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান উলিয়াবলৈ প্ৰচেষ্টা চলাই থকা হৈছে যদিও নদীপথৰ চেনেলিঙৰ বাবে যৌথ টাস্ক ফ’ৰ্চটোৱে উদ্ধাৰ অভিযানত অসুবিধাৰ সন্মুখীন হৈছে বুলি নোনীৰ উপায়ুক্ত Haulianlal Guite-এ জানিবলৈ দিয়ে।

“পূৰ্বে উদ্ধাৰকাৰী দলটোৱে সন্ধান আৰু উদ্ধাৰ কাৰ্যৰ বাবে দুটা স্থান চিনাক্ত কৰিছিল। অৱশ্যে সেই স্থানত কিছুমান মৃতদেহ উদ্ধাৰ হোৱাত এতিয়া তেওঁলোকে নদীত উদ্ধাৰ কাৰ্য চলোৱাত গুৰুত্ব দিছে,’’ তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা ২৯ জুনত মাখুৱামৰ ৰে’লৱে নিৰ্মাণস্থলীত সংঘটিত বৃহৎ ভূমিস্খলনে মাখুৱাম ৰে’লৱে য়াৰ্ড নিৰ্মাণস্থলীত নিয়োজিত ১০৭ টেৰিটৰিয়েল আৰ্মী শিবিৰক সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত কৰে।

লগতে পঢ়ক – Wimbledon 2022: আধৰুৱা হৈ ৰ’ল সপোন, পেছাদাৰী টেনিছৰ পৰা বিদায় ছানিয়া মিৰ্জাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply