মণিপুৰৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক জল্পনা-কল্পনাৰ অনত পেলাই ৰাজ্যপাল লা গনেশনৰ হাতত বিধায়কৰ সমৰ্থন থকা পত্ৰ দিলে মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এন বীৰেন সিঙে । এন বিৰেন সিঙক বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতভাৱে নেতা নিৰ্বাচিত কৰা হয়।

নিৰ্মলা সীতাৰমণ, কিৰেণ ৰিজিজুৰ উপস্থিতিত হৈছিল বিধায়িনী দলৰ বৈঠক। বিগত ১০ দিন ধৰি অব্যাহত আছিল মুখ্যমন্ত্ৰী নিযুক্তিৰ প্ৰক্ৰিয়া। বিৰেন সিঙৰ লগতে চৰ্চাত আছিল বিশ্বজিত্ সিঙৰ নাম।

শনিবাৰে মাজনিশালৈ দুয়োৰো বৈঠকত বহিছিল অমিত শ্বাহ, জে পি নাড্ডা। সেই বৈঠকতে চূড়ান্ত হৈছিল বিৰেন সিঙৰ নাম। আনুষ্ঠানিকতাৰ বাবে ইম্ফললৈ আহিছিল নিৰ্মলা সীতাৰমণ, কিৰেণ ৰিজিজু।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply