নিউজ ডেস্ক : মণিপুৰত প্ৰথমটো অমিক্ৰণৰ কে’চ ধৰা পৰিছে। সোমবাৰে পঞ্চিম ইম্ফলৰ এজন ৪৮ বছৰীয়া লোকৰ দেহত ধৰা পৰে অমিক্ৰণৰ সংক্ৰমণ।
প্ৰাপ্ত তথ্য মতে উক্ত লোকজনে অলপতে পূব আফ্ৰিকাৰ দেশ টাঞ্জানিয়াৰ ভ্ৰমণ কৰি আহিছিল।
যোৱা ২১ ডিচেম্বৰত লোকজনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল। তেওঁৰ উপৰি তেওঁৰ পৰিয়ালৰ মুঠ তিনিজন সদস্যৰ ক’ভিড পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে দেশত ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ সংক্ৰমণ ক্ষিপ্ৰতাৰে বৃদ্ধি পাব ধৰিছে। দেশৰ ১৯ ৰাজ্যলৈ বিয়পিছে অ’মিক্ৰণ। অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৫৭৯ জনলৈ বৃদ্ধি পোৱাত অসমকে ধৰি কেইবাখনো ৰাজ্যত পুনৰ বলৱৎ কৰা হৈছে নৈশ সান্ধ্যআইন।
লগতো পঢ়ক : টাৱাঙলৈ যাব ওলাইছে? এবাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কি কয় শুনক