ইম্ফল : মণিপুৰত এগৰাকী নিৰস্ত্ৰ লোকক অসম ৰাইফলছৰ বিষয়াই গুলীয়াই হত্যা কৰে। ৰাজ্যখনৰ কাংপকপি জিলাত সংঘটিত হৈছে এই ঘটনা।

প্ৰাপ্ত তথ্য মতে, শুকুৰবাৰে ইম্ফল-টামেই পথৰ কাষৰ কাংপকপি জিলাৰ চালোৱা নামৰ এখন ভিতৰুৱা গাঁৱত ৪৪ নং অসম ৰাইফলছৰ এগৰাকী বিষয়াই গাঁওখনৰ এজন দিন হাজিৰা কৰি খোৱা লোকৰ ওপৰত গুলীচালনা কৰে।

গুৰুতৰভাৱে আহত লোকজনে শনিবাৰে সদৰ চিকিৎসালয়লৈ নি থকা অৱস্থাত মৃত্যুক সাবটি লয়। নিহত লোকজনৰ নাম মাংবৈলাল লোভুম (Mangboilal Lhouvum), তেওঁ দুটি সন্তানৰ পিতৃ।

কি কাৰণত নিৰস্ত্ৰ লোকজনৰ ওপৰত গুলীচালনা কৰা হৈছিল সেই কথা এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

উক্ত ঘটনাত ক্ষোভিত হৈ পৰা গাঁওখনৰ লোকসকলে শনিবাৰে অসম ৰাইফলছৰ ছাউনি ঘেৰাও কৰি দোষীক শাস্তিৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

লগতে পঢ়ক : নিটি আয়োগৰ উন্নয়নৰ তালিকাত অসমৰ স্থান সৰ্বনিম্ন; সু-স্বাস্থ্য আৰু লিংগ সমতাত দেশৰ ভিতৰতে অন্তিম

স্থানীয় লোকসকলৰ মতে, মৃত্যুৰ পূৰ্বে মাংবৈলালে তেওঁৰ ওপৰত গুলীচালনা কৰা লোকজনক ৪৪ নং অসম ৰাইফলছৰ মেজৰ আলোক বুলি চিনাক্ত কৰি থৈ যায়। অভিযোগ মতে, গুলীচালনা কৰাৰ সময়ত ‘মেজৰ আলোক’ অসামৰিক পোছাকত আছিল আৰু তেওঁৰ লগত অসম ৰাইফলছৰ চাৰিজন জোৱান আছিল।

অভিযুক্ত বিষয়া গৰাকীক কাংপকপি আৰক্ষী থানাত গতাই দিয়া হৈছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যদিও বাতৰি যুগুত কৰা সময়লৈকে এই সন্দৰ্ভত কোনোধৰণৰ বিভাগীয় বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply