নিউজ ডেস্ক : বিধানসভা নিৰ্বাচনৰ পূৰ্বে মণিপুৰত পুৰণি বিজেপি প্ৰাৰ্থীক টিকেটৰ পৰা বঞ্চিত কৰি আন দল এৰি বিজেপিত যোগদান কৰা প্ৰাৰ্থীক টিকেট প্ৰদান কৰাক লৈ দলটোৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দেওবাৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত একাংশ বিজেপি সদস্য তথা তেওঁলোকৰ সমৰ্থক আৰু উত্তেজিত বিজেপি কৰ্মীয়ে কেইবাটাও সমষ্টিত দলটোৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰাৰ লগতে দলীয় পতাকা আৰু বেনাৰ আদি ফালি জ্বলাই দিয়ে।

দেওবাৰে একাংশ উত্তেজিত লোকে ৰাজ্যখনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত তেওঁলোকৰ সমৰ্থিত বিজেপি প্ৰাৰ্থীক টিকেট নিদিয়াৰ প্ৰতিবাদত বিজেপি পতাকাৰ ওপৰত গো বধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে।

উল্লেখযোগ্য যে অহা ২৩ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত মণিপুৰত দুটা পৰ্য্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ১০ মাৰ্চত ভোট গণনা অনুষ্ঠিত হ’ব।

দেওবাৰে বিজেপিয়ে প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰাৰ পিছতে দলটোৰ মাজত বিসম্বাদৰ সৃষ্টি হয়। এইবাৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙৰ জোঁৱায়েক আৰ কে ইম’ৰ উপৰি তেওঁৰ ঘনিষ্ঠ এছ এছ ওলিছে টিকেট লাভ কৰাৰ বিপৰীতে দলটোৰ তিনিগৰাকী বিধায়ক ৱাই এৰাবট সিং, পি শৰটচন্দ্ৰ আৰু এম ৰামেশ্বৰ সিং টিকেটৰ বঞ্চিত হ’বলগীয়া হয়।

যোৱা নৱেম্বৰ মাহত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা আৰ কে ইম’ সিঙক টিকেট প্ৰদান কৰাত ক্ষুব্ধ একাংশ বিজেপি কৰ্মীয়ে ছাগলবন্দ মণ্ডল কাৰ্য্যালয় লণ্ডভণ্ড কৰাৰ লগতে মণ্ডলটোক বন্ধ ঘোষণা কৰি দিয়ে।

ইয়াৰ উপৰি টিকেট লাভ নকৰা বিজেপি প্ৰাৰ্থীসকলে দল ত্যাগ কৰি আন দলত যোগদান কৰে।

লগতে পঢ়ক – নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিম বুলি কৈ বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে: লুৰিণজ্যোতি গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply