নিউজ ডেস্ক: ম্যানমাৰৰ টামু চহৰত মঙলবাৰে দুগৰাকী তামিল যুৱকক গুলীয়াই হত্যা কৰাক কেন্দ্ৰ কৰি মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰে চহৰত উত্তেজনাই বিৰাজ কৰি আছে। জানিব পৰা মতে নিহত যুৱক দুগৰাকীয়ে টামুত থকা তেওঁলোকৰ বন্ধুক লগ ধৰাৰ যোৱাৰ সময়ত তেওঁলোকক অচিনাক্ত লোকে নিচেই সমীপৰ পৰা গুলীয়াই হত্যা কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নিহত যুৱক দুজনক পি মোহন (২৮) আৰু এম প্যানাৰ (৩২) বুলি চিনাক্ত কৰা হৈছে। দুয়োজন যুৱকেই মোৰেৰ বাসিন্দা। তেওঁলোকৰ মাজৰ এম মোহন এগৰাকী অটোচালক আছিল আৰু মাত্ৰ দুসপ্তাহ পূৰ্বে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। আনহাতে এম প্যানাৰৰ মোৰেত এখন পান দোকান আছিল বুলি স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উক্ত ঘটনাৰ পিছতে মোৰেত সকলো দোকান-পোহাৰ বন্ধ কৰি দিয়াৰ লগতে মোৰেৰ পৰা ইম্ফলৰ মাজত সকলোধৰণ বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে।

প্ৰাৰম্ভিক তথ্য মতে, যুৱক দুগৰাকীক ম্যানমাৰ সেনাৰ দ্বাৰা স্বীকৃত Pyu Shaw Htee নামৰ এটা সামৰিক বাহিনীয়ে মঙলবাৰে দিনৰ প্ৰায় ১ বজাত গুলীয়াই হত্যা কৰে।

লগতে পঢ়ক – ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সমৰ্থন বিচাৰি আজি এন ডি এৰ সাংসদ-বিধায়কৰে মিলিত হ’ব দ্ৰৌপদী মুৰ্মু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply