নিউজ ডেস্ক : ভাৰত-নাগা ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰৰ ৬টা বছৰ পাৰ হৈ যোৱাৰ পিছতো বিষয়টোৰ এক ৰাজনৈতিক মীমাংসাত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰদৰ্শন কৰা হেমাহিৰ প্ৰতিবাদ জনাই অহা ২৬ জানুৱাৰীত The United Naga Council চমুকৈ ইউ এন চি-এ মণিপুৰৰ নাগা বসতিপ্ৰধান অঞ্চলসমূহত সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰিছে।

সংগঠনটোৱে বুধবাৰে অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈকে ৬ ঘণ্টাৰ বাবে বন্ধৰ ঘোষণা কৰিছে। যোৱা ৪ আৰু ৫ ডিচেম্বৰত মন জিলাৰ ওটিঙত সেনাৰ গুলীত নিহতসকলৰ পৰিয়ালে এতিয়ালৈকে ন্যায় লাভ নকৰাৰ প্ৰতিবাদ স্বৰূপেও এই বন্ধ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে বুলি সংগঠনটোৱে কয়।

উক্ত দিনা মণিপুৰত থকা নাগা লোকসকলে তেওঁলোকৰ অসহযোগ আনন্দোলনৰ অংশ হিচাপে ভাৰতৰ গণতন্ত্ৰ দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বুলি সংগঠনটোৱে লগতে জানিবলৈ দিয়ে।

আনহাতে Coordinate Committee (CorCom) – এ গণতন্ত্ৰ দিৱসক এটা ‘ঔপনিৱেশিক দিন’ হিচাপে অভিহিত কৰি ২৫ জানুৱাৰীৰ মাজনিশাৰ পৰা এক ১৮ ঘণ্টীয়া বন্ধৰ ঘোষণা কৰিছে।

লগতে পঢ়ক –   দক্ষিণ চীন সাগৰত আমেৰিকাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত, আহত সাতজন মাৰ্কিন সেনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply