নিউজ ডেস্ক: মণিপুৰ চৰকাৰে ম্যানমাৰৰ পৰা পলায়ন কৰি ভাৰতলৈ অহা নাগৰিক সকলৰ ক্ষেত্ৰত পূৰ্বতে দিয়া নিৰ্দেশ বাতিল কৰিছে । মানবীয়তাৰ দিশৰ পৰা ইয়াক বাতিল কৰাৰ কথা কৈছে মণিপুৰৰ গৃহ বিভাগৰ বিশেষ সচিব জ্ঞান প্ৰকাশে ।
সেনাৰ দখললৈ যোৱাৰ পিছত অশান্ত হৈ পৰা ম্যানমাৰৰ একাংশ নাগৰিক এতিয়া দেশ এৰি ভাৰতলৈ পলায়ন কৰিছে ৷ এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে ম্যানমাৰৰ সীমান্তৰ ৰাজ্য মণিপুৰ চৰকাৰ ৷ পূৰ্বতে এই লোকসকলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ নিৰ্দেশ কৰিছিল মণিপুৰ চৰকাৰে। ইতিমধ্যে এই সম্পৰ্কে নিৰ্দেশ দি ৰাজ্যখনৰ সীমান্তৱৰ্তী ৫ খনকৈ জিলাৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। য’ত চৰকাৰে কেৱল মানৱীয় বা চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিহে ম্যানমাৰৰ নাগৰিকক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়াৰ কথা উল্লেখ কৰিছিল।
মণিপুৰ চৰকাৰে আশংকা কৰিছে যে ম্যানমাৰৰ বহু নাগৰিক এতিয়া শৰণাৰ্থী হিচাপে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাব পাৰে। মণিপুৰৰ গৃহ সচিব এইচ জ্ঞান প্ৰকাশৰ দ্বাৰা দিয়া পত্ৰখনত কোৱা হৈছে যে ম্যানমাৰত গণতন্ত্ৰক বৰ্জন দি সেনাই শাসনভাৰ লোৱাৰ পিছতে শংকাত ভোগা দেশখনৰ বহু নাগৰিকে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই আছে। তেনেস্থলত জিলাসমূহক নিৰ্দেশ দিয়া হৈছে যাতে এই লোকসকলক ভাৰতত প্ৰৱেশ কৰিবলৈ নিদিয়ে। লগতে শৰণাৰ্থীসকলৰ বাবে সাহায্য শিৱিৰ নিৰ্মাণ অথবা খাদ্য, পানীৰ ব্যৱস্থা নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে। যদি তেওঁলোকে আশ্ৰয় ল’বলৈ আহে, তেন্তে হাত জোৰ কৰি তেওঁলোকক ঘূৰাই পঠাবলৈও কোৱা হৈছিল। আনহাতে মঙলবাৰলৈকে সকলো জিলাৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদনো বিচৰা হৈছিল। উল্লেখ্য যে ভাৰত আৰু ম্যানমাৰৰ মাজত প্ৰায় ১৬৪৩ কিলোমিটাৰৰ সীমা আছে।
ম্যানমাৰত ফেব্ৰুৱাৰীত সেনাই শাসনভাৰ লোৱাৰ পিছৰে পৰাই মণিপুৰত শৰণাৰ্থীৰ সংখ্যা ১ হাজাৰ অতিক্ৰম কৰিছে। এতিয়ালৈকে কমেও ১০০জন লোকক তেওঁলোকৰ দেশলৈ ওভোটাই পঠিওৱা হৈছে ৷ কিন্তু সেইসকল পুনৰ ভাৰতৰ সীমান্তলৈ ঘূৰি অহাৰ চেষ্টা চলাই আছে।
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত ম্যানমাৰৰ সেনা বাহিনীয়ে নিৰীহ লোকক হত্যা কৰাৰ কথা উল্লেখ কৰি তাৰ পৰা বহু লোক মিজোৰামলৈ অহাৰ কথা উল্লেখ কৰিছে ।এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্যবস্থা লোৱাৰ কথা উল্লেখ কৰিছে পত্ৰ খনত ।