নিউজ ডেস্কঃ দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীৰ সন্দৰ্ভত দেওবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াক CBI য়ে গ্ৰেপ্তাৰ কৰে। তাৰ পিছতেই মঙলবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী শিশোদিয়াই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা পদত্যাগ পত্ৰত শিশোদিয়াই এনেদৰে লিখে যে, “ভগৱানে জানে যে এই অভিযোগবোৰ মিছা”। লগতে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ধন্যবাদ দি লিখে যে, মোৰ সৌভাগ্য আছিল যাৰ বাবে মই আপোনাৰ নেতৃত্বত ৮ বছৰ দিল্লীবাসী আৰু দিল্লী চৰকাৰৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক সেৱা কৰাৰ সুবিধা পালোঁ ।
ইফালে ৰাজ্যখনৰ গৃহ, স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনেকো যোৱা বছৰ মে’ মাহত প্ৰৱৰ্তন সঞ্চালকালয়ে ধন ৰপ্তানিৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। জৈনো মঙলবাৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।
ইতিমধ্যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দুয়োগৰাকী নেতাৰে পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। শিশোদিয়া আৰু জৈনৰ বিভাগসমূহ বৰ্তমান কৈলাশ গহলৌত আৰু ৰাজ কুমাৰ আনন্দেক আৱণ্টন কৰা হৈছে।
কৈলাশ গহলৌতক বিত্ত, পৰিকল্পনা, ৰাজহুৱা নিৰ্মাণ বিভাগ, শক্তি, গৃহ, নগৰ উন্নয়ন, জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ আৰু পানীৰ দায়িত্ব দিয়া হয়।
ৰাজ কুমাৰ আনন্দে শিক্ষা, ভূমি আৰু ভৱন, সতৰ্কতা, সেৱা, পৰ্যটন, কলা সংস্কৃতি আৰু ভাষা, শ্ৰম, নিযুক্তি, স্বাস্থ্য আৰু উদ্যোগ বিভাগৰ চোৱাচিতা কৰিব।
উল্লেখযোগ্য যে, যদি দুবছৰ বা তাতোধিক কাৰাদণ্ড দিয়া হয়, তেতিয়াহ’লে ছিছোদিয়া আৰু জৈনে তেওঁলোকৰ আসন হেৰুৱাব পাৰে আৰু ৬ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে।